দাদুল ভূঞা
অলপ পিছতে ইয়াত এন্ধাৰ হ’ব
বেলিটোকে লগতে
লৈ যাওঁ ব’ল
পানীগাঠি বিষত জুৰুলি-জুপুৰি
চকুৰে একোকে নমনি
জৰা, ব্যাধি সকলোতেচোন আছোঁ
ডাক্তৰৰ দীঘলীয়া পেছক্ৰিপছন
ছেগুণ কাঠৰ পুৰণি টেবুলত
ঔষধৰ বিজ্ঞাপন
যোগ, প্ৰাণায়াম, কপালভাতি
মৰ্নিং ৱাক, ইভনিং ৱাক
সকলোতে ঠেলা-হেঁচা
পুৰণি যন্ত্ৰৰ কেঁকনি-গেঁথনি
নিৰুপায়
পুৰণি গাড়ীৰ হেন্দিমেন নাই
নাই ওঁঠত এটি সেউজীয়া হাঁহি
বৃদ্ধ পেন্সনৰ দীঘলীয়া শাৰীত থিয় দি
ৰৈ থাকোঁ
কঁপা-কঁপা হাতেৰে লিখোঁ
এনে এটা দিনলৈ অপেক্ষাৰত
সকলো বেলিঘড়ী
ঠিকনা-
গহপুৰ,মাগনি,
বিশ্বনাথ-৭৮৪১৬৮
ভ্ৰাম্যভাষ - ৮৬৩৮৭১১৯৭৯