অন্যযুগ/


গতিসূত্ৰ


চয়নিকা ভূঞা 


মৌনম্ সন্মতি লক্ষণম্

একোৱেই প্ৰয়োজনবোধ নাছিল

কথাখিনি বহলাই বহিবলৈ


নিউটনৰ গতিসূত্ৰত আৱদ্ধ

এটি পুৰণি সপোন 


অৱলম্বনৰ উচ্চ স্তৰত

এমুঠি ভালপোৱা

পি থোৱা প্ৰেমেই যথেষ্ট 

দুটি আত্মাৰ বাবে 


গণিকালয়ত ক্ষুধাতুৰ আত্মাৰ পিয়াহ

ইফালে 

সেলেঙি বোৱাই কথাবোৰ চক্ৰবেহুত 


একেই দুভৰি

একেই কথোপকথন 


ৰাইজে নখ জোকাৰিলে নৈ বয়

অসম্ভৱৰ স্থান ক'ত  


গতিবেগত জীৱন

সৌৰশক্তিত জীৱন

আৰু 

জী থকাৰ ন ন কৌশল  ।।

          ---

ফোন : ৯৭০৬৭ ৩৭০৭৭  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ