অন্যযুগ/


বালিচৰ

 এম. কামালুদ্দিন আহমেদ 

 

প্রতিটো বানে মনত

বালিচৰ একোটা থাপি যায়

 

অলক্ষিতেই ঘটি আছিল

এই ঘটনা

 

অৱচেতনত বালিচৰবোৰ

সোমাই আছিল

 

বানত মানুহ এজন

উটি যোৱাৰ শৈশৱৰ ছৱিখন

আজিও ৰ’দৰ দৰে

জিলিকে

 

আজি

বালিচৰবোৰ ওলাই আহিছে

এইমাত্ৰ ভূমিস্থ হোৱা

শিশুবোৰৰ দৰে

 

বালিচৰবোৰৰ গুঞ্জৰণৰেখা

শিশুবোৰৰ কলতানত

মিহলি হৈ যাব 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ