দ্বিজেনকুমাৰ দাস
দেশৰ কথা ভাবি
কলিজাত উচাহৰ কলপ সানোঁতেই
আগফালৰ দুৱাৰত কোনোবাই টোকৰ দিয়ে৷
নিশাৰ আন্ধাৰ বজাই
কঁপি উঠে বেৰৰ জেঠী৷
নুমাই যোৱা মমডাল বিচাৰি
টিনৰ ফুটাৰে সৰকা জোনৰ পোহৰে কান্দে৷
জপাই থোৱা খিৰিকিত
চিত-কম্পিত এটা দামুৰী৷
মাকজনী যাৰ পেপাৰত ওলায়৷
খিৰিকিতেই যদি নিস্ৰোত ছবিক
মনৰ সত্যজিতে বোৱাই ঢুৱাই নিয়ে
দুৱাৰ কেনেকৈ খোলোঁ?
ভাবিছোঁ
তাতকৈ ভিতৰতেই সোমাই থাকোঁ৷
শুই শুই দেশৰ কথা ভাবোঁ৷