অন্যযুগ/


মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা

ৰিপুঞ্জয় বৰুৱা ঋমন

 

কাৰণ এটা থাকে

 

কাৰণ নহলে নঘটে একোকে

কাৰণৰো থাকে একো একোটা আকৃতি

যেনে:

তেল কয়লা মাটি জাতি-জনজাতি

 

কাৰণ যিয়েই নহওক

যুদ্ধ এখন হৈ থাকে

ভোকে গাখীৰ পগাই থকালৈকে।


পগাই থাকোঁতে কিবা এটা পৰিল ধুপুচকৈ।


কি পৰিল?

পাৰমাণৱিক খবৰটো খৰধৰকৈ বিয়পিল।


পানী নাইবা ৰক্তচাপৰ ভেলেকি

বৰ বেয়া লাগে মানুহ এজন গলে গুচি।


মুখত হাত এখন দি ভাবিছোঁ

টোপনি মানে কি?

ল্ড আউট নে অল আউট!


বগা কাপোৰ এখনে মোলৈ চাই থাকে

মই কওঁ

মোক সাবটি ধৰাঁ

মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা।


ঠিকনা :

গৃহ নং - ১০১

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গুৱাহাটী-০৪

ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ