ধ্ৰুৱজ্যোতি দাস
খবৰ : যুদ্ধত ঈশ্বৰ নিহত৷ ঈশ্বৰ কোনখিনিত নিহত হৈছে জনা হোৱা নাই; পূবত নে পশ্চিম দিশত সেই
কথাও জনা নাযায়৷ কিন্তু ঈশ্বৰ যে নিহত হৈছে সেই কথা নিশ্চিত৷ ঈশ্বৰৰ মৃতদেহ বিচাৰি পোৱা হোৱা
নাই...
এক.
আতংকৰ অবাধ হত্যালীলাবোৰ যুদ্ধৰ৷ ২০ মিনিটত উৰি অহা ৫০০০ মিছাইলৰ৷ ৬ দিনত সৰি পৰা
৬০০০ বোমাৰ৷ প্ৰতিখন যুদ্ধৰ পাছত গলা সীহৰ দাগবোৰ কোনোবাই চাফা কৰিব লাগিব
যুদ্ধ চলি থাকোঁতেও৷ কথাবোৰ এনেকুৱা জানো ! আচলতে পোন হৈ থিয় হৈ
থাকিব লাগিব জী থকাৰ বাসনাৰ বাবে পানী নাথাকিলেও৷ মাটি নাথাকিলেও৷
দুই.
পাহাৰৰ নামনিৰ পৰা নামি আহে
বিশাল শিঙৰ গোনাম’হ৷ দল৷ দুদল৷ ইফালে-সিফালে আৰু...
শিঙে শিঙে ঠেকাই খুন্দিয়াই জুই জ্বলাবলৈকে মহতিয়াই যায়
হাজাৰ হাজাৰ বিৰিণা শৰীৰ৷ বিৰিণা মৰে মৰে মৰে৷ গহৰা হয়৷ হাজাৰ৷
কথাটো এনেকুৱা৷ এনেকুৱাকৈয়ে এটা বুলেটৰ খুন্দাতে ঈশ্বৰ মৰিল৷ নভবাকৈয়ে
খুব হঠাতেই ঈশ্বৰ মৰিল৷ পূবৰ পৰা অহা মিছাইলৰ আঘাত নে পশ্চিমৰ পৰা অহা
মিছাইলৰ আঘাত কোনো ঠিক নাই৷ ক’ব নোৱাৰি কেতিয়াও কোনফালৰ মিছাইল৷
কিন্তু সঁচা এইটোৱেই যে ঈশ্বৰ মৰিল৷ শেহলৈকে ঈশ্বৰে গৰ্ভৱতী মহিলা আৰু
শিশুহঁতক আৱৰি আছিল৷ সেই মহিলাখিনি আৰু শিশুহঁত ক’ৰ
কোনেও নাজানে৷ ঈশ্বৰেও৷
তিনি.
কোনোবাই ধ্বংসাৱশেষবোৰ ঠেলি আঁতৰাই দিব লাগিব৷ মৃতদেহবোৰ সাবটি
ল’বলৈ৷ আত্মীয়ৰ খণ্ডহৰ দেহবোৰ আত্মীয়ই বিচাৰিবলৈ...
সকলোবোৰ কথা সকলোৱে জানে৷ তাৰ পাছতো যুদ্ধ৷ ঈশ্বৰৰ মৃত্যু হ’ব পৰা আশংকাৰ
কথাটোও জানে সকলোৱে৷ তাৰ পাছতো যুদ্ধ৷ আকৌ যুদ্ধ৷
শিশুৰ টুকুৰা দেহাবোৰ গোটোৱাৰ পাছত মাকবোৰে ক’ত কান্দিব !
মাকহঁতৰ ছিগা পিয়াহবোৰৰ সৈতে থেতেলা গাবোৰ বিচাৰি পোৱাৰ পাছত
শিশুহঁতে ক’ত ৰাউচি জুৰিব ! আত্মীয়ৰ খণ্ডহৰ দেহবোৰ আত্মীয়ই বিচাৰি উলিওৱাৰ পাছত
ক’ত এটোপাল চকুপানী বোৱাব ! ঈশ্বৰ যে মৰিল৷ সকলোৱে জানে৷
বেলিটোৱে কেনেকৈ জ্বলি জ্বলি গছৰ সেউজীয়াৰ বাবে সেউজীয়াক
জীয়াব বাৰু৷ ঈশ্বৰ মৰাৰ পাছত৷ গছৰ সেউজীয়াই কেনেকৈ মেলি দিব
এখন হাত চকুপানীৰ চকুলৈ...
বিশাল গোনাম’হৰ শিং৷ হাজাৰ হাজাৰ
কোমলদেহী বিৰিণা৷ দেখা অথচ কোনেও নেদেখা৷
ঠিকনা :
নেৱালি-মণি, মণিৰাম দেৱান পথ, লাষ্ট গেট, নুনমাটি, গুৱাহাটী-৭৮১০২০
ফোন : ৯৯৫৪৩৫৫২৯৯. e-mail : rdmt.bc@gmail.com