যশোৱন্ত নিপুণ
এৰি অহা
ঠাইবোৰ আকৌ বিচাৰি
ছাঁবোৰো
দীঘল হৈ গুচি গৈছে ।
ইমান খালি
হৈ যাম বুলি জনাহ'লে
বজাৰলৈ
হয়তো কেতিয়াও নগ'লোহেঁতেন ।
সকলো খৰচ
হৈ যোৱাৰ পাছত
মোনাখন
খেপিয়াই খেপিয়াই চাওঁ,
হাতত উঠি
আহে এমুঠি শূন্যতা
কেইখিলামান
জৰাজীৰ্ণ পাত
কোনেও
নপঢ়া এখন উঁৱলি যোৱা চিঠি
আৰু তাত
মোৰ বাবে একোৱেই নাথাকে ।
এতিয়া
সকলোৱেই বিষাদৰ বাটেৰেই আহে,
আনকি
প্ৰিয় গানৰ কলিটোও কেতিয়াবা
সেই
বাটেৰেই দুখৰ ভৰত কুঁজা হৈ আহি ওলায়,
এখন্তেক
জিৰায় আৰু আকৌ উভটি যায় ।
যদি আগতেই
জানিলোহেঁতেন
গান
বোধহয় মই কেতিয়াও নুশুনিলোহেঁতেন ।