ঋতুবাস্তৱ হাজৰিকা
চগাৰ জীৱন জীছোঁ
উৰাৰ কৌশল শিকোঁতেই
সৰি পৰিছে পাখি
এন্ধাৰত যেতিয়াই চাওঁ নিজক
চকুৰ বিৱৰ্ণ আইনাত পৰি থাকে
অলৰ নিথৰ মাটি-দেহ
মোৰ অজানিতে কলিজাত কোনে পুতি যায়
ভঙা চিঁচাৰ তীক্ষ্ণ ধাৰ !
বন্ধ কোঠাৰ দেৱালবোৰৰ ৰুক্ষ শীৰ্ণ হাতবোৰে
মোক কংক্ৰিটৰ সমাধিলৈ টানি নিয়ে প্ৰতিৰাতি
কিছু ক্ষণৰ পাছতেই মই এটা মৃতদেহলৈ পৰ্যবসিত হ’ম
মোৰ মঙহ চোবাই শান্ত হ’ব এজাক ভোকাতুৰ শিয়াল ৷৷
ভ্ৰাম্যভাষ : ৯৩৬৫৫৩২২২৮