অন্যযুগ/


ধ্ৰুৱসত্য

 হিল্লোলজ্যোতি সিংহ

 

(ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত)

 

চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ

শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা

সেই দুখন শক্তিশালী হাত

যিয়ে তুলি আনিছিল নিৰাশাৰ চাকনৈয়াত

ককবকাই থকা কিমানৰ হাত

 

তোমাৰ আধামেলা ওঁঠ দুখনিৰ মাজত

মই দেখা নাই চিগাৰেট বা সুৰাৰ সাঁচ

দেখিছোঁ ভলীবল খেল প্ৰতিযোগিতাৰ

ৰেফাৰীৰ হুইচেলটো

শুনিছোঁ সেই আস্থাৰ মাত

 

পুৱতি নিশা ঘেৰি ধৰিছিল হোষ্টেল

অৰ্ধসামৰিক বাহিনীয়ে হঠাৎ

উঠাই লৈ গৈছিল তোমাক

পাছদিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত

তোমাৰ চকুৰ তিৰবিৰণিত

দেখিছিলোঁ আমাৰ সম্পৰ্কৰ বান্ধনি

ৰসায়ন বিজ্ঞান পৰীক্ষাগাৰত কৰা তোমাৰ গৱেষণাৰ

পৰা পৃথক এক ভিন্ন ৰসায়ন

 

ৰোগশয্যাত থাকোঁতেও যি নাহিল

সি আহিল অকস্মাৎ

হিয়াত কি দুখ নিভৃতে সাঁচি ৰাখিছিলা তুমি

যোৱাৰ পৰত বিলাই গ’লা

আমাৰ হৃদয়ে হৃদয়ে

 

আকৌ এবাৰ জিৰাবলৈ মন গৈছে তোমাৰ বিশাল ছাঁত

 

 

ঠিকনাঃ

Prof. Hilloljyoti Singha

Department of Zoology

Bodoland University

PO Rangalikkhata (Debargaon)

KOKRAJHAR 783370

BTR, Assam

Phone: 9435120076, 9101165234

Email: singha.hilloljyoti@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ