অন্যযুগ/


বাৰ্ধক্য

দিলীপ ফুকন

 

এডাল এৱাঁ সূতাৰে বান্ধি

এই সিংহটোক মোৰ সমুখলে’ কোনে আনিলে?

তাৰ চকুৰ পৰা উফৰি পৰিছে অগ্নি স্ফুলিঙ্গ,

তাৰ আক্ৰোশী নখপুঞ্জই

বিদাৰি পেলাব খুজিছে মোৰ মুখমণ্ডল

 

ইমানৰ পাছতো তাৰ কেশৰৰ পোহৰ মোহনীয়,

বিচ্ছুৰিত নিৰ্ণয় -ৰশ্মি সৰকি যায় মোৰ শৰীৰৰ ভিতৰেদি৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ