অন্যযুগ/


সাগৰলৈ বহু দূৰ

 ছালমা জামান


 
মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁ
থৈ গলোঁ মোক
সমস্ত ক্লান্তি নামি গল
সাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁ
এডভেন্চেৰাচ মোৱানাই মোক নেদেখিলে
যাদুকৰী গ্ৰীণ ক্ৰীচটেলটোৱে লাহে লাহে সাগৰলৈ তললৈ টানিলে
দেখিলোঁ সাগৰৰ তলিত নখহা জোনটোৱে হাঁহিছে
পানী নীলা, ৰঙচঙীয়া
জেলী ফিশ্বে খামোচ মাৰি স্বাগতম জনালে
শ্বাৰ্ক নহয়, ডলফিনবোৰে জুম পাতি গৈ নেদেখা হল
ছি প্লাণ্ট খাই সম্বিত ঘূৰি আহিল
বহু সৌন্দৰ্য উপভোগ্য আছিল
সাগৰৰ পাৰত এটা মৃতদেহ পৰি ৰৈছে
আত্মাটোক ঈগল এটাই খুন্দিয়াই গ'ল
ময়ো ঈগল হলোঁ
সাগৰৰ পানীক ভয় কৰা নিমখীয়া মানুহবোৰো যদি
সাগৰেই হল হয়
সুৰাহি এটাত প্ৰেমক কয়েদ কৰি বিসৰ্জন দিলোঁ হয়
বিপন্ন সময়ত প্ৰগাঢ় প্ৰেমৰ কথা নাহে
বন্ধা সময়ৰ প্ৰেম মানেই শৃংখল নাথাকে
হয়, আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ মোৰ নিৰ্বাসন
সাগৰৰ ঢৌৰ সতে অহাবোৰে উমান দিয়ে
যোৱাবোৰে কৈ নাযায়
পৃথিৱী যদি মোৰ বাবে হয়
কোলাহল !
ৰৈ নাথাকিবা।


ঠিকনা : 
বিলাসীপাৰা
মোবাইল:৮৪০২৮২৮৬৬২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ