হৰেকৃষ্ণ ডেকা
পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷
সকলোৱে উৰুকাৰ এসাজ
লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত
ভিজা নৰানিৰ চেঁচাৰ লগতে
মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷
দিহিঙে-দিপাঙে যিসকলে আছা,
সকলো আহা। গঞাৰ লগত
তোমালোকেও এসাজ লগে-ভাগে খোৱা।
উকমুক বিচাৰি নেযায় গঞাই ৷
বিচাৰে প্রীতি -সমূহৰ শকতি ৷
ছন পৰাৰ আগতে পথাৰখন চহালে
অহা আঘোণতো জিলিকিব সোণগুটি ৷
আহা, সকলো আহা।
উৰুকাৰ এসাজ মিলিজুলি খোৱা
উছবত আমাৰ পৰিচয় থোৱা,
সমস্বৰে কোৱা,
আমি অসমীয়া।
একেটি কৃষ্টিৰ
এক জাতি অসমীয়া।