অন্যযুগ/


সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা


গুলঞ্চৰ ভগা ডালটোত বহি
ওৰে ৰাতি কেতেকীয়ে কান্দে
আনে নুশুনিলেও
থাপনাৰ শিলবোৰে শুনে

শিলবোৰ পমি যায়
পমি পমি ভাপ হয়
অশ্ৰুগংগাৰ বীজ হয়

বীজবোৰ বুটলি
কেতেকীৰ এন্ধাৰ বাট এটাৰে
মই ওলাই যাওঁ

কেতেকীৰ ফুল বুলি
সৰ্প আনি ঘৰ সুমুৱাওঁ
জিক্‌মিকিয়া ক'লা

কেতেকীৰ ঘ্ৰাণ লগা সাপটো
মোৰ ভিতৰলৈ সোমায়
মই আপত্তি নকৰোঁ

কেতেকীৰ গোন্ধত মই আমোলমোলাও
মোৰ ভাল লাগে

মোৰ অন্তৰকোহৰত
সি বেছি পৰ থাকিব নোৱাৰে

সিজুফুল হৈ
সি মোৰ বুকুৰ দুয়োপাৰে গজি উঠে

গোলাপী ৰঙৰ আলসুৱা সিজুফুল

 

 

(গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৬০০২১-০৬৮৯৫)

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ