অন্যযুগ/


তিনিটা কবিতা

 হৰেকৃষ্ণ ডেকা


(১) ৰাম

 

আপোনাৰ ৰাম আৰু বাপুৰ ৰাম

যদি একেজন হয়,

মই বাপুৰ ৰামক ৰাম বুলি ক’ম

আৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷

বাপুৰ ৰাম হৃদয়ত থাকে

আৰু মৰ্যাদা-পুৰুষোত্তম হৈ বিৰাজ ক’ৰে৷

আপোনৰাম ওঁঠেৰে বাগৰে আৰু

যন্ত্ৰেৰে ৰজনজনাই যায়৷

আপোনৰাম আপোনাৰ পতাকা হয়৷

মচনদৰ খুঁটি গধুৰ কৰিবলৈ অৰ্চিত হয়৷

কেতিয়াবা যদি আপোনৰাম ওঁঠত থাকোঁতে

মচনদৰ খুটি ল’ৰি যায়,

সেই খুটি মজবুত কৰিবলৈ আপোনৰামৰ

আশিস আপুনি নাপায়৷

তেওঁ ওঁঠত গধুৰ, নামিব নোৱাৰে৷

 

বাপুৰ ৰামে ৰহিমৰ সতে’

হৃদয়ে হৃদয়ে বাগৰি যায়-

 

ৰঘুপতি ৰাঘৱ ৰাজা ৰাম৷

ঈশ্বৰ আল্লা তোমাৰে নাম৷



(২) ভোগালী  

 

শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে?

শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷

আউল-বাউল বতাহৰ বিননিত শুই থকা নৰাবোৰে

চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী

নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷

বতাহৰ মুখত হাঁহি দিবলৈ মেজিটো জ্বলাই

হৈ-ধ্বনি দিয়াঁহি৷ দোকমোকালিৰ বেলিলৈ চাই কোৱাঁহি,

অহাবাৰো আমাৰ পথাৰ যেন ধানেৰে সোণালী কৰাঁ৷

 

এই ভোগালিতে,

দিহিঙে-দিপাঙে

পথাৰে-পথাৰে

মেজিৰ সেক লৈ,

সেৱাটি জনাই,

গঞা-জ্ঞাতি এক হোৱাঁ৷



(৩) ৩১ ডিচেম্বৰ


কাইলৈ ফেঁহুজালি ফালি

উভতি আহিলে

বেলিটো বেলেগ হৈ আহিব নেকি ?

দোকমোকালি বেলিটো ওলালে কওঁ

এটা নতুন দিন ৷

কাইলৈ ক’ম নতুন বছৰ ৷

এটা পুৰণি বেলি

এটা পুৰণি জোন

এখন পুৰণি পৃথিৱী ৷

কিন্তু প্রতিটো দিনেই নতুন দিন ৷

প্রতিটো বছৰেই নতুন বছৰ ৷

যদিও কেৱল নির্ভৰ ভৰ,

নহলে সকলো শূন্য,

ৰবাত এটা ঈশ্বৰ-কণাই

কিবা কৌতুক কৰি আছে ৷ আৰু সেয়েই

পৃথিৱী ঘূৰি আছে,

পুৰণি হৈও নতুন হৈ আছে ৷

--- 

 

টোকা :

ভৰ- mass

ঈশ্বৰ-কণা- Higgs-Boson particle, যি অন্য কণাক ভৰ দিয়ে৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ