জ্যোতিনীলিমা গগৈ
প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি
হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে -
মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে
শেষবাৰৰ বাবে
বসন্তৰ গান কেতিয়া গুণগুণাইছিলা ...
কাৰ সতে সৰি পৰা এজাৰৰ ফুলবোৰ
আঁচল পাতি ধৰিছিলা ...
কোন নদীৰ তীৰত দুটি অকণি মাছে
সুৰসুৰাই দিছিল ভৰিৰ পতা...
মনত পৰেনে
ধাননি কঁপাই অহা বতাহজাকৰ এধানি শীতলতা
টিপচাকিৰ পোহৰত জলমলাই উঠা শেষৰটো আধা লিখা প্ৰেমৰ কবিতা ...
গধূলি গভীৰ কৰা নিৰ্জনতাত
চকুলোৰে প্ৰতিজ্ঞা
আঘাতেৰে পুনঃনিৰ্মাণ
মনত পৰেনে ...
ঢাপৰ হাঁফলু এটা জঁপিয়াই পাৰ হৈ
এহালি চকু গৈ থাকে
গৈ থাকে পশ্চিমলৈ
বাটে বাটে খহি পৰে আজন্ম ভাৰ বৈ ফুৰা এবোজা সাঁথৰ
সমস্ত সঁচা-মিছাৰ পাহাৰ বগাই
সুদূৰত নাচি থাকে এটি বালিঘোঁৰা
ইপাৰৰ এই মুখৰ নীৰৱতা
আন্ধাৰতো যি উজ্জ্বল ...