অন্যযুগ/


মুখৰ কাহিনী

মদাৰজ্যোতি 


মুখবোৰে ফুলবোৰলৈ চাই আছে 

ফুলবোৰে পখিলালৈ 


মুখবোৰে ফুলবোৰলৈ চাই আছে 

ফুলবোৰে বেলিলৈ 


এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতকক

মুখবোৰে চাই আছে তাৰ 

তেজে ধaৱা গা 


এখন চিত্ৰ প্ৰদৰ্শনীত ওলমি আছে 

মুখৰ কলাজ 

এখনত পিঠিৰ ফালে মুখ 

মুখত ছাই 

এখনত ভৰিৰ পতাত মুখ 

মুখত গেঙনি 

আন এখনত বুকুৰ মাজত মুখ 

মুখত দেধাৰ পখিলা 


মুখবোৰে পখিলালৈ চাই আছে 

পখিলাই ফুললৈ 


ফুলনিখনলৈ জোৰকৈ বতাহ আহিছে 

মুখবোৰে জোৰকৈ মুদি দিছে চকু 


চকুৰ ভিতৰলৈ মনবোৰ সোমাই গৈছে 

ফুলৰ পাহিবোৰ সৰি পৰিছে 


বেকা হাঁহি এটা বিয়পি পৰিছে 

মুখবোৰৰ মুখত

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ