অন্যযুগ/


বন্দীশালৰ এনিশা

নমিতা তালুকদাৰ 

 

নিয়ৰে পৃথিৱীখন

মেৰাই ধৰিছে 

এইযেন গিলি পেলাব 

আকাশ, বতাহ আৰু 

ৰু-ৰুৱাই থকা নিশাৰ গানটো...

কিয় তাত জুপুকা এটা 

মাৰি চাব নোৱাৰি

আকণ্ঠ ডুবি কিয়

পি পি খাব নোৱাৰি

আকাশৰ চকুপানীবোৰ 

পঁজাটোৱে কিয় বন্দী কৰে মোক....!

 

ঠিকনা:

বৰপেটাৰোড

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ