গিৰিজা শৰ্মা
গধুৰ মনটো ক’ৰবাত থাপি থ’ব খোজা মুহূৰ্তত
মনলৈ আহে
সৌ তাহানিৰ
ভাৰহীন দিন
যেন
পাতল ফিৰ্ ফিৰিয়া বুকু জুৰ পৰা
এছাটি মলয়া বতাহ
দিনে-দিনে ভাৰবোৰ গধুৰতৰ হয়
সৌৰ তাহানিৰ সাধুকথাৰ দিনৰ বোজাৰ ভৰত কোঙা হৈ পৰা গাধটো
যাৰ কথা ভাবি
বহু ৰাতি মই শুব পৰা নাছিলোঁ
আৰু আজি !
ক’ত থাপি থওঁ পৰ্বতসম ভাৰ!
মোৰ অজীনপাতকী সময়, অনাহক সম্পৰ্ক
কালে দিয়া হৃদয়ৰ গভীৰৰ
অন্তহীন শূন্যতাৰে পৰিপূৰ্ণ অসহনীয় ভাৰ
বোজা কঢ়িওৱা গাধটো আৰু মই