অন্যযুগ/


এশাৰীৰ কবিতা

 গুণ মৰাণ

 

               ঠিকনা

গ্ৰন্থকীটে হাত দাঙি ক’লে- কবিতা তেজৰ ৰক্ত কণিকা

              পোৰণি

বেলিক দেখি জ্বলে জোন- জোনক দেখি জ্বলে তৰা

             চাৰিটা চকু

তাইৰ চাৰিটা চকু- দুটা দুজন দৰ্শক আন দুটা দুজনী  নাচনী

             সন্তান

সুখতো কন্দুৱায় সি দুখতো কন্দুৱায়-কন্দোৱাবহে  জানে

             পৰিহাস

বোকাত ভৰ থৈ নাচি থাকে পদুম- বোকাই নেদেখে  পদুমৰ  মুখ

             কাব্য-ৰস

ফুলৰ ঠাৰিডালেই ৰসৰ ভাণ্ডাৰ-পাহিবোৰ অলংকাৰ

            দুটি নক্ষত্ৰ    

মূৰ দুপিয়াই দূৰৰ পৰাই মিচিকিয়াই মাতে

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ