হৰেকৃষ্ণ ডেকা
আজি মই
মই ৷
কাইলৈও মই
মই হৈ ৰ’ম৷
কালিও মই
ময়েই আছিলোঁ৷
অস্তিত্বৰ প্ৰতি মুহূৰ্তত
মই মই
অন্য নহয়৷
ভুল৷
অন্য দৃষ্টিৰ অবিহনে
মই অস্তিত্বহীন৷
সেই দৃষ্টিৰ বহু ভিন্নতা৷
আৰু তাত মোৰ বহু বৰ্ণনা৷
নিভৃত নিৰল নিৰ্জনতা
কেৱল মোৰ কল্পনাত ৷
সমাগমত
নাই নিৰ্জনতা৷
মই মোৰ সংজ্ঞা৷
কিন্তু ই ধ্ৰুৱ নহয়,
আৰু মই বহুময়৷
মোৰ অস্তিত্বৰ ই
সামাজিক সত্য৷
---