হিল্লোলজ্যোতি সিংহ
ভৰ দুপৰীয়া
ৰাজপথৰ কিনাৰত
থিয় হৈ আছে
এজন বুঢ়া মানুহ
মাটিত পৰা নাই
তেওঁৰ ছাঁ
পিন্ধনত আঁঠুমূৰীয়া
আংচা*
আৰু ফটা চোলা
সমুখত এটা গাখীৰৰ
বটল
বিকিলে আশী টকা
দৰৱ কিনিব
নাতিয়েককেইটাৰ বাবে
এপেকেট বিস্কুট
ৰাস্তাৰ সিটো পাৰে
বিলাতী মদৰ দোকানখনত
গ্ৰাহকৰ ভিৰ
ইপাৰলৈ আহিবলৈ
যানজঁট বৰ
ভূমিৰ লগত সমকোণ
কৰি
লম্ব বুঢ়া মানুহজন
চুইছেগৈ সূৰ্য
তেওঁৰ সন্নিহিত কোণত
মদৰ দোকানখন
পৰস্পৰ বিপৰীত
সমান্তৰাল বিন্দু
দুটাৰ মাজেৰে
গাড়ী চলাই নিওঁতে
আহিত নহ’লোঁ মই
গাখীৰ বেচিবলৈ তেওঁৰ
কিউ আৰ ক’ড নাই
*আংচা : ৰাজবংশী
পুৰুষে পিন্ধা দীঘল গামোচাৰ দৰে সাজ