অন্যযুগ/


মোৰ দেশৰ মাটিৰ কথা

হিল্লোলজ্যোতি সিংহ

 

আলতীয়া মাটিৰ পোৰা গোন্ধে

কঠিন কৰে মাটিৰ চাকি

শলিতাৰ জুইৰ তাপ সহিব পৰাকৈ

 

পালপাৰাৰ কুমাৰৰ আজি চাকত নুঘূৰে

কেঁচা মাটিৰ বিভিন্ন অবয়ব

কুমলীয়া কলচী

আশাৰীকান্দিৰ পুতলাই নকয়

বত্ৰিছ পুতলাৰ সাধু

 

মাটিৰ মানুহ খগেন মালীৰ হাতত

প্ৰাণ পাই উঠিছিল মাটিৰ গোঁসানী

শিল্প গঢ়ি জীৱিকা উলিয়াইছিল শিল্পীয়ে

 

পানীৰ দৰত খিলঞ্জীয়াই

মাটি-বাৰী বিকি

হেৰুৱাইছে ভেটি

ভৰিৰ তলৰ মাটি

 

মাটিৰ মূল্যই চুইছৈগৈ

মহানগৰৰ আকাশ 

 

নদীৰ পেটত নৈপৰীয়াৰ মাটি

নেতাই নেদেখে নুশুনে নুবুজে

মাটি হেৰোৱা মানুহৰ আৰ্তি

মাটিৰ মায়া

বাছি বাছি খেদা হয়

মাটিক খামুচি ধৰি থকা মানুহক

 

বাহিৰৰ বণিয়ালৈ কৰিছে অকাতৰে মাটি দান

পাহাৰৰ মাটি কাটি

তৈয়াৰ কৰিব বিলাতী মাটি

বতাহত ভাহি ফুৰিব বিলাতী-কণাৰ দুৰ্গন্ধ

জংঘলৰ মাটি খান্দি

উলিয়াব মাটি-তেল

ক্ৰমে স্তিমিত হৈ আহিব হলৌৰ চিঞৰ

দলনি বিলৰ পাৰৰ সাৰুৱা মাটি পুৰি

গঢ়িছে ইটা, উৰিছে ক’লা ধোঁৱা

পৰিভ্ৰমী চৰাইৰ কলৰৱ নিমাত নিটাল

পাহৰিছে মানুহে যে মাটিৰ তলতো আছে

এখন জৈৱিক জগত

মাটিৰ কেঁচু মানুহৰ বন্ধু

উদ্ভিদৰ পোষণ বঢ়ায়

মাটিৰে মিহলি থকা এয’বেক্টেৰিয়াই

 

তিনিটা শব্দৰে গঢ়া ৰাজনৈতিক শ্লোগানৰ

এতিয়া মাটি মাথোঁ মাজৰ এটা শব্দ

মাটিৰ অধিকাৰ কাঢ়ি নিছে মাটি মাফিয়াই

 

মাটি আখৰা ক্ষিপ্ৰতৰ কৰাৰ সময় সমাগত

সুস্থ দেহ-মনেৰে কৰিব লাগিব মাটিৰ বাবে ৰণ

***

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ