অন্যযুগ/


বাঁহী নবজা ৰাতিবোৰ বৰ চেঁচা পৰা ৰাতি

হিতেশ মেধি

     

শিতান খেপিয়াই মৰিছো 

ইলুটি সিলুটি কৰি

 

টোপনিবোৰ অঘৰী বাবেই

চকুৰ পতাত বাহ নাবান্ধে

 

হাতখনলৈ চালোঁ 

নিথৰ হৈ পৰি আছে মোৰ

আই তুলি-তালি ডাঙৰ কৰা আঙুলি কেইটি

 

গহন ৰাতিৰ আন্ধাৰবোৰ বেৰৰ লেপখোৱা মাটি

এই খহি পৰে এই খহি পৰে 

মই আছোঁ লেপি

বৰঘৰত আবতৰীয়া মাৰলীৰ লুটি-বাগৰ কাটি

 

ৰাতিবোৰ আন্ধাৰৰ কাণসমনীয়া ভাই

দুখত লুতুৰি-পুতুৰি

সুখৰ বেলি মাৰ চাই

 

অ’ কেতেকী ভনী

তই নকবি এই বাঁহী নবজা ৰাতিবোৰ 

বৰ চেঁচা পৰা ৰাতি

বাঁহী বজোৱাঁ অ’ ককাইটি

 

বুকুৰ অসুখত কেঁকাইছে বাঁহীয়ে

পানী শিয়াই তিয়াইছে মোৰ বেৰৰ লেপখোৱা মাটি

 

মূৰলৈকে আঙুলি কঁপিছে

উজনিত কিহবাই সুৰটি ৰেপিছে

 

আৰু নক’বি মোক

এই বাঁহী নবজা ৰাতিবোৰ বৰ চেঁচা পৰা ৰাতি

বাঁহী বজোৱা অ’ ককাইটি 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ