ঊষৰ ভূমি
(টি এছ এলিয়টৰ 'ৱেষ্টলেণ্ড'ৰ অনুবাদেৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা কবি অজিৎ বৰুৱাৰ পূত স্মৃতিত)
ঊষৰ ভূমি
ক'ত আছে ঊষৰ ভূমি
ব্যক্তিগত দুখ
মহাসমৰ এইবোৰে জানো ভূমিক
কৰিব পাৰে ঊষৰ
নোৱাৰে
মাটি ৰসাল সৰ্বতিকাল
মািটৰ স্মৃতিত থাকে বহু পুৰাতন কথা
যাৰে সঞ্জীৱিত কৰিব পাৰি সকলো সময়-স্মৃতি-সত্তা
কিম্বা ভৱিষ্যত
ঠিক ইজিপ্টৰ অ'চাইৰিছৰ নিচিনা
মৃত্যুৰ দেশলৈ যি যায়
আকৌ উত্থান হয়
ঠিক যীশুৰ দৰে যি কয়
ময়েই জীৱন ময়েই মৃত্যু ময়েই পুনৰুত্থান
বিচাৰি ফুৰিছোঁ মই ঊষৰ ভূমি
বিচাৰি পোৱা নাই
এজনী নাৰীক লগ পাইছিলোঁ
নাম মেৰী
সুধিছিলোঁ, আছে নেকি কিবা
মেৰীয়ে কৈছিল
শৈশৱত শ্লেজ গাড়ীত উঠাৰ বৰ্ণিল অভিজ্ঞতাৰ বৰ্ণনাৰে
নাই একো নাই
সকলো অংকুৰিত হয়
জীৱন অংকুৰিত হয়
ঠিক যেনেদৰে গুটিৰ পৰা বৃক্ষ হয়
ঠিক সেইদৰে সপোনৰ পৰা হয় সময়
সময় প্ৰৱাহিত হয়
আন এজনী নাৰীক পাইছিলোঁ
যি কথা কৈছিল ভৱিষ্যত দ্ৰষ্টাৰ দৰে
মই ছ'ছ'ষ্ট্ৰিছ
তোমাৰ ভৱিষ্যত এনেকুৱাই হ'ব
কিন্তু হ'ল জানো
জানে জানোঁ ছ'ছ'ষ্ট্ৰিছে সঁচাকৈয়ে ভৱিষ্যতৰ কথা
জিপছি ছ'ছ'ষ্ট্ৰিছ লাহে লাহে চকুৰ
আগৰ পৰা নোহোৱা হৈ গ'ল
মনৰ পটত উদ্ভাসিত হ'ল এখন দবা খেল
এ গে'ম্ অফ্ চেছ্
এজনী সম্ভ্ৰান্ত মহিলাৰ কোঠাৰ দেৱালত দেখোঁ এখন ছবি
তাত লিখা আছে ...চেঞ্জ অফ্ ফিল'মেলা
ফিল'মেলা কোন
ফিল'মেলা এক ধৰ্ষিতা নাৰী
ৰজা টেৰিয়াছে
নিজৰ কলঙ্কিত অধ্যায় ঢাকিবলৈ কাটি দিছিল ফিল'মেলাৰ জিভা
পৰিৱৰ্তিত হৈছিল ফিল'মেলা নাইটিঙ্গেললৈ
যি নাইটিঙ্গেল জীয়াই থাকে জোনাকী পৰুৱাক আহাৰ কৰি
যি নাইটিঙ্গেলৰ কণ্ঠই আটাইকে মোহে
জীৱন আড়ষ্ট নহয় জীৱন দেখোন গৈ থাকে
কিন্তু আমি কিয় পাতোঁ নিৰাশাৰ কথা
গতানুগতিক কথা
কিয় কিয় কিয়
কিয় পাতোঁ
দ্যা ফায়াৰ ছাৰমন
আদিত্যপৰিয়্যা সূত্ত
বুদ্ধৰ ভাবেৰে মন আৰু ইন্দ্ৰিয়াগ্নিৰ পৰা কেতিয়াবা বিচাৰোঁ নিৰ্বাণ
টোমছৰ পাৰত বহি থকা এজন ডেকা মানুহে যেতিয়া দেখে
পৃথিৱীৰ সকলো মেজিক শেষ হৈ গৈছে
তেতিয়া মোৰ মনে কিন্তু কয়, শেষ হোৱা নাই
ফিল'মেলা গ'ল
কিন্তু ঘূৰিতো আহিল নাইটিঙ্গেল হৈ
অগ্নিত জাহ যোৱা ফিনিক্সে যেন ডেউকা মেলে নতুন ৰূপত
ক্ষণভঙ্গুৰ দেহাত
জন্মিব পাৰে জানো গ্ৰীক পুৰাণৰ
দৈৱবাণীৰ ঘোষিকা
অথৰ্ব বুঢ়ী
কিউমিৰ চিবিলৰ মৃত্যু আকাংক্ষা
চিমিৰণাৰ এচকুৱা সদাগৰে
ৰাতি মোক অভিসাৰৰ বাবে উদগাই
কিন্তু মই নাযাওঁ
টাইৰেছিয়াছ এজন অন্ধ প্ৰফেট্ দেৱী হেৰাৰ অভিশাপত সাত বছৰে হৈ আছিল নাৰী
তেওঁ কয় ভৱিষ্যতৰ কথা
আৰু নেপথ্যত কোনোবাই গায় এটা জনপ্ৰিয় গীত
তাৰ পাছত পানী পানী আৰু পানী
পানীত দেখোঁ ওপঙি ৰোৱা নাবিক
ফ্লিবাছৰ অসাৰ দেহা
পানীত মৃত্যু
ফ্লিবাছৰ চকুযোৰলৈ মই চাওঁ
জীৱন সম্পৰ্কে আমি কিয় গৌৰৱ কৰোঁ
আমি পানীত জন্ম হোৱা মানুহ
পানীৰ বুকুলৈয়ে যাওঁ
ইমানেই
হিন্দুসকলে পানীত উটুৱাই দিয়ে অস্থি
হিন্দুৰ সৰগীয় নদী গঙ্গালৈ চাওঁ
গঙ্গা একাবেঁকা আৰু এতিয়া মলিন
এজন বন্ধুৰ স'তে খোজ কাঢ়োঁ
গঙ্গাৰ তীৰে তীৰে
হঠাৎ বোধ হয়
কোনোবা যেন মোৰ চকুৰ ক্ষেত্ৰত
চকুৰ দৃষ্টিৰ ভিতৰত
কোন এওঁ
কোন এওঁ
এৱেঁ মোৰ তৃতীয় নেত্ৰ নেকি
এটা গাজনিৰ শব্দ হয়
শুনা পাওঁ বজ্ৰৰ শব্দ
এয়া বজ্ৰৰ শব্দ নে ব্ৰহ্মৰ শব্দ
শুনো
দ দ দ
দত্ত
দয়ধ্ব্ম
দাম্যত
দিয়া
দয়া কৰা
আৰু কৰা দমন
অন্তৰাত্মাই কয় আগবাঢ়াঁ আগবাঢ়াঁ
সময় প্ৰশান্ত হয়
মনত ধ্বনিত হয়
ওঁম শান্তি শান্তি শান্তি
আইৰিশ্ব হোমাৰ
মহাকাব্যৰ শিপাই বহু দূৰলৈকে শিপায়
হোমাৰে জানে
অন্ধত্বক দূৰ কৰে প্ৰজ্ঞাই
ট্ৰয়ৰ যুদ্ধ জয়ৰ শেষত য়ুলিছিছৰ
লক্ষ্য হ'ব পাৰে কেৱল আপোন ভূমি ইথাকা
কিন্তু
বীৰ যায় হিয়াই হিয়াই
এয়াই সত্য
যুদ্ধৰ লক্ষ্য সলনি হয়
যুদ্ধৰ ক্ষণ সলনি হয়
যুদ্ধৰ ক্ষেত্ৰ সলনি হয়
সলনি হয় বীৰ
বহু কাল হ'ব পাৰে বীৰৰ প্ৰত্যাৱৰ্তনৰ সময়
কিন্তু যেতিয়ালৈকে যুদ্ধ
তেতিয়ালৈকে বীৰৰ উদয়
প্ৰত্যাশিত
এশ বছৰীয়া ইতিহাসে ৰিঙিয়ায়
সময় গঢ়ে মহাকাব্যিক চেতনাই
হোমাৰৰ স্থানত
থিয় হয় এজন দেশক ভাল পোৱা পৰাধীন আইৰিশ্ব
যি দেখে ডাবলিন চহৰৰ মুক্তিৰ সপোন
য়ুলিছিছে সাৰ পায় দুনাই
য়ুলিছিছ সাৰ পোৱা বুকুখন কেথলিকৰ আদৰ নোপোৱা ইহুদী লিঅ'পল্ড ব্লুমৰ
ব্লুম মহানায়ক নহয়
মহাঅনীক নহয়
ব্লুম সাধাৰণ সত্তা
মাটিৰ মানুহ
দয়ালু মানুহ
ব্লুমৰ বুকুত মানুহক ভাল পোৱা মানুহৰ কথা
ব্লুম উপেক্ষিত
ভগ্ন ঘৰ
কিন্তু চকুত জীৱনৰ স্বপ্ন
তেওঁ যেন মানবতাবাদী যোদ্ধা
হৃদয়ক জয় কৰাটো
ট্ৰয়ক জয় কৰাতকৈ বহু গুণে কঠিন
মাথোঁ বুজে যেন এই কথা
ই এক ডাঙৰ ধৰ্মযুদ্ধ
জীৱনৰ প্ৰতিপল যুদ্ধত
চেতনা প্ৰৱাহত
জেউতি থকা নয়নেৰে নতুন হোমাৰৰ অনুভৱ
ব্লুম নতুন য়ুলিছিছৰ পোছাকত