অন্যযুগ/
প্ৰাচেত
(প্ৰচেতসো অহম্ -উত্তৰকাণ্ড-৯৬/১৯)
গায়ত্ৰী দেৱী বৰঠাকুৰ
শতিকাৰো বহু
শতিকাৰে পৰা
কবি এজন
অভিমানত আছে
ভিতৰ -ভিতৰি
প্ৰচণ্ড
ধুমুহাৰ
ৰু ৰুৱনি
প্ৰেমত
ওহোঁ
মুঠেই নহয়
আপোনাৰ মনত প্ৰশ্ন জাগিছে
পৰিচয়ৰ হকেও
অভিমান কৰিব পৰা
কবি এজন হ’লেও তাৰমানে
আছে
কোন হ’ব পাৰে?
এয়া আপুনি মনত পেলাইছে
কবিসকলৰ চেহেৰা
আপুনি সেই
বিখ্যাত ৰজাজনৰ দৰে হৈ পৰিছে
উদ্যত
এই মুহূৰ্ততে যেন আঁজুৰি আনিব আচল ভানুমতীক
লেঠাটো তাতেই
আপোনাক সকলো
তত্ক্ষণাতেই লাগে
বৰ বেয়া স্বভাৱ জানেনে
ধৈৰ্য কৰক
কবি নিজেই আহি ধৰা দিবহি
ওলাবহি
হঠাতে
আপুনি
‘মা
নিষাদ...’-ৰ এই বিখ্যাত শ্লোকটো অৰ্থৰ সতে এবাৰলৈও বাৰু পঢ়িছেনে
নে আনৰ পৰা শুনি
মনত ৰাখিছে
বেচেৰা চাকৈ-চকোৱাহালৰ
কি যে কৰুণ দৃশ্য নহয়নে!
অঃ!
আপোনাৰচোন চকুলো নিগৰিলেই
ৰ’ব।
কবি এতিয়াও আলোচনাতে আছে
পৰিচয় পত্ৰ প্ৰদান কৰা কাৰ্যালয়টোৰ সোঁফালে
এন্ধাৰ এচকুত
সময়ৰ সতে কবি আলোচনাত মিলিত হৈছে
অথচ এদিন এই
সময়ৰ বাবেই কি কি কৰা নাছিল কবিয়ে
আনকি বন্ধকত
থৈছিল নিজকে
সেয়া অতীত
হ’ল বুলিয়েই
কিমাননো আৰু ককৰ্থনা শুনিব কবিয়ে
কাৰ-কাৰ আগত যে মুখ ঢাকিব নালাগে কবিয়ে
বাকীবোৰ কথা বাৰু নকৱেঁই
সৌ সিদিনা
কণমানি শিশুটিৰ সতে চিনাকী পৰ্বত
কবি বাৰু কমখন লাজত পৰিছিল নে
কবিৰ হৈ মই মাত মাতিবলৈ লৈছিলোঁৱেই
কবিয়ে ইঙ্গিত দিলে
ঢাল-তৰোৱাল
কবিক একোকে নালাগে
লাগে মাথোঁ পৰিচয়ৰ আধাৰ কাৰ্ড
মই কবিৰ প্ৰেমত
শতিকাৰ পাছত শতিকা এন্ধাৰতে থকাটো বাৰু ইমান সহজ নে?
সকলো কবিৰ দৰে
কবিৰো ভোক লাগিছিল
ভোকৰ বাবেইতো কবি বাধ্য হৈছিল
কবিতা লিখিবলৈ
জীৱনৰ কবিতা
চাউল-দাইল-আলু-হালধি
আৰু অকণমান নিমখ
সংসাৰত
চেনিৰ অভাৱ
পেৰা গুৰ অকণো নাই কবিৰ কুটীৰৰ আখলত
শৰ্কৰাৰ দুষ্প্ৰাপ্যতাৰ বাবেই
কবিয়ে অকলেই বহন কৰিছে
কৰিব লগীয়া হৈছে
গ্লানিৰ
বোজা
তেতিয়া ভৰ দুপৰীয়া
কবিয়ে মূৰ পাতি ল’লে
সকলো অপযশ
অৱশ্যে কবিৰ স্বাৰ্থ আছিল আছিল তাত
কবিৰ অন্তৰত অনবৰত যে প্ৰজ্বলিত হৈ আছিল পৱিত্ৰ
গাৰ্হপত্য অগ্নি
কবিৰ দুখৰো আৰম্ভণি হয়তো তাতেই
কথা এটা
শুনি আপুনি শুনি আচৰিত হ’ব
জানেনে
জানি বুজি গোপন কৰা হৈছে
কবিৰ প্ৰকৃত পৰিচয়
কবৰ দিয়া হৈছে কবিৰ গৌৰৱময় ইতিহাসক
কিন্তু
আপুনিয়েই কওকচোন
সূৰ্যক জানো ঢাকি ৰাখিব পাৰি
জানিব পাৰিছোঁ
কবি হেনো দেউতাক প্ৰচেতাৰ
দশমজন সন্তান
কোনে ক’লে
কবিয়ে নিজেই
আপুনি আচৰিত
কোন আকৌ প্ৰচেতা মাজত আহি ওলালহি
শুনক
কবিৰ মিছা কোৱাৰ স্বভাৱ একেবাৰেই নাই
"ন স্মৰামি
অনৃত্যম্..."
অ’ প্ৰচেতাক লৈ
বেছি মূৰ নুঘূমাব
এইমাত্ৰ মনু
আহি
আপোনাক কোৱা শুনিলোঁ
কবি হেনো
নাৰদ-ভৃগু-বশিষ্ঠৰ
সমগোত্ৰীয়
ব্ৰত খাটে
পূৰা এঘাৰ দিনৰ
অথচ কবিক আমি সকলোৱেই চিনি পাওঁ
এক অন্য ৰূপত
চাওক এয়া কি অন্যায় নহয়
যি কবিয়ে আজি ইমান দিনে প্ৰতিষ্ঠা কৰিব পৰা নাই নিজ
পৰিচয়কে
সেইজন জানো
দস্যুৰ দৰে
আনৰ সম্পত্তি আঁজুৰি
নিজৰ কৰিব পাৰে
আপোনাৰ-মোৰ দৰে
এয়া আন একো নহয়
মনে সজা কথা
আপোনাৰ-মোৰ
পূৰ্বপুৰুষৰ
আৰু আমি যুক্তিহীন দুৰ্বল
সাৰ পায়ো শুই থাকোঁ
এলাহত
অ’ কবি আহিছে
এজোলোকা উৰুলি
দুৰ্লভ হ’লেও দিয়েই দিয়ক
কবিক তপতে-তপতে উষ্ম আদৰণি জনাওক
কি ঠিক আপোনাকো কিজানি
অমৰ কৰে কবিয়ে
বাকী
কবিৰ কদৰ কিমান কৰে সেইটো আপোনাৰ হৃদয়ে ভালকৈয়ে জানে
আপুনি আৰু উত্কণ্ঠাত থাকিব নালাগে
উঁহহাফলু আঁতৰাই
কবিয়ে ইতিমধ্যে সাজু কৰিছে
পৰিচয় পত্ৰ
উইথ এ ষ্টাম্প্
সাক্ষী
আদিকাব্য
কাগজে -কলমে
কবি প্ৰাচেতঃ
প্ৰচেতা
বৰুণ
কবি বৰুণৰ
দশমঃ পুত্ৰঃ
অ’ কবিক বাৰু আপুনি চিনি পালেনে
আপোনাকচোন কথাটো
এবাৰো সোধাই নহ’ল
আপুনি জিনিয়াছ
কাক, ক’ত, কেনেকৈ, কিয়
বহুৱাই ৰাখিব লাগে আপুনি ভালকৈয়ে জানে
অ’ কবি আহিছে
আপোনাৰ সতে হেনো কবিৰ আজি এটি সাক্ষাত্কাৰ আছে ...
.....