অন্যযুগ/


৩১ ডিচেম্বৰ

হৰেকৃষ্ণ ডেকা


কাইলৈ ফেঁহুজালি ফালি
উভতি আহিলে
বেলিটো বেলেগ হৈ আহিব নেকি ?
দোকমোকালি বেলিটো ওলালে কওঁ
এটা নতুন দিন ৷
কাইলৈ কম নতুন বছৰ ৷
এটা পুৰণি বেলি
এটা পুৰণি জোন
এখন পুৰণি পৃথিৱী ৷
কিন্তু প্রতিটো দিনেই নতুন দিন ৷
প্রতিটো বছৰেই নতুন বছৰ ৷
যদিও কেৱল নির্ভৰ ভৰ,
নহ
লে সকলো শূন্য,

ৰবাত এটা ঈশ্বৰ-কণাই
কিবা কৌতুক কৰি আছে ৷ আৰু সেয়েই
পৃথিৱী ঘূৰি আছে,
পুৰণি হৈও নতুন হৈ আছে ৷
---
টোকা: ভৰ- mass
          ঈশ্বৰ-কণা- Higgs-Boson particle, যি অন্য কণাক ভৰ দিয়ে। ভৰ নাথাকিলে পদাৰ্থৰ সৃষ্টি  নহ'লহেতেন।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ