অত্ৰেয়ী গোস্বামী
এজন
পৰুৱাই পোৱা মানুহক
লগ পাইছিলোঁ,
তেওঁ
কিবা এটা বিচাৰি
ঘূৰ্মুটিয়াই ফুৰিছিল৷
পদূলিয়ে
পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি
আঙুলিবোৰ
গণনা কৰা দেখিছিলোঁ,
তেওঁৰ
বোলে পঁচিছটা আঙুলি
পাঁচোটা
লুকুৱাই থয়৷
দোকানীবোৰক
হাৰাশাস্তি কৰি
নিজৰ
বাবে ৰখীয়া এজন বিচাৰিছিল৷
আমি
তেওঁক অনুসৰণ কৰিম বুলি ভাবোঁতেই
তেওঁৰ
ছাঁটো দীঘলীয়া হ’ল,
তেওঁ
বোলে গাৰুৰ তলত হাত এখন
লুকু্ৱাই
থয়৷
আমি
তেওঁৰ অতিৰিক্ত ভৰিৰ
সন্ধানত
নামিলোঁ,
বহু বিচাৰ-খোচাৰ
কৰি
তুলিৰ
তলত পেং এযোৰ পালোঁ৷
পৰুৱাই
পোৱা মানুহজন ক’ৰবাত
লুকাই
দিলে,
নিজে
নিজৰ ৰখীয়া হোৱাৰ
অক্ষমতাক
শুৱাই থ’লে৷
আচলতে
তেওঁক পৰুৱাই পোৱা নাছিল
আমিহে
ভ্ৰমৰ দুনীয়াত ঘূৰি ফুৰিছিলোঁ৷