অলকেশ কলিতা
১
আজি ইমান লাহে লাহে ৰাতি হৈছে, মই মোৰ শব্দবোৰ ঘঁহি মাজি চাফ-চিকুণ কৰি থৈ দিছোঁ কেতিয়াবাই,
আৰু অপেক্ষা কৰিছোঁ তুমি মোক কিবা এটা সুধিবা, মই তোমাক সেই কাহিনী ক'ম, যি ৰাতিটোৰ বাবে হ'লেও দুৰ্ভাৱনাক চেপেটা কৰিব।
কিন্তু ই যে অসৎ সাহসী কুটিল প্ৰশ্ন, তোমাৰ দুচকুৰপৰা মোৰ চিপজৰীডালৰ দৰে যি ওলমি আছে, উত্তৰৰ উচ্চতাৰপৰা বহুত বহুত তললৈ।
তোমাৰ চাৱনি, তোমাৰ ছায়া, তোমাৰ ছয়াময়া মুখাৱয়ব উমা
মই কাক জবাবদিহি কৰোঁ!
২
সময়, নম্ৰ বাণীৰে মোক সোধ পোচ কৰাঁ, সকলো বিনয়ী অনুসন্ধিৎসাৰ প্ৰত্যুত্তৰত মই কিবা নহয় কিবা এটা জানো।
ইমান লাহে লাহে ৰাতি হৈছে, তুমি দেখা নাই, ঠিক গন্তব্যৰ দুৱাৰদলিত এনে বেকাৰ ভিৰ ?