ভাস্কৰ জে নাথ
ইয়াত হালধীয়া ফুলিছে কবি
গঘৰ হাতখন বুলি ভুল কৰিছোঁ
ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ
হালধীয়া হাত দুখনেৰে হালধীয়া খবৰ এটা পঢি থাকোঁতে হালধীয়া চৰাই এটাই
মোৰ বুকুৰ কামিহাড়ত হাহাকাৰ কৰি খুটিছে
টং টঙকৈ বাজি উঠিছে
এটা ভোকৰ হালধীয়া কাঁহৰ বাতি
পৰ দিছোঁ আন্ধাৰক
হালধীয়া মানে পোহৰ বুলি বুজা ছবিৰ চকুৰে সৰিছে চাৰিটোপাল
তেজ
সকলো হালধীয়া মানেই পোহৰ হ’ব নোৱাৰে
পোহৰ বিচৰা চকুৱে ইয়াত নমনে একোকে
কাষতে ফুলি আছে ফুল
আৰু পৰি আছে শ এটা
কাক চাওঁ কবি মই এতিয়া
অনৰ্থক অৰ্থ বিচাৰি
কোলাহল
পানী পানী বোলোঁতেই
কৰ এসোঁতা তেজ এয়া!
ইমান ফুলিছে হালধীয়া
অথচ ক’ব পৰাকৈ এয়াতে নহয় তুমি মই বিচাৰি থকা
বাৰটা বেলিফুল পুৱা