জীয়াই
থকাৰ তাগিদাত সময়ক
পাঞ্জাৱী
চোলাৰ জেপত ভৰাই
চক পেঞ্চিলেৰে
আখৰ লিখোঁতেই
পাৰ হৈ
গ’ল এটা জীৱন৷
পাটীগণিতৰ
পিঠিত ভেঁজা দিওঁতে
চুঁচৰি
গৈছিল তেওঁৰ চুৰিয়া,
ৰঙা মাটিৰ
দাগ এটা ৰৈ গৈছিল নফটালৈকে৷
তেওঁৰ চৰিত্ৰ অসামাজিক হোৱাৰ আগৰ কাহিনীবোৰ
কাৰোবাক কোনোবাই কোৱাৰ আগতেই গোপন কৰা হ’ল৷
মগজুৰ
কোষবোৰ দুৰ্বল হৈ পৰিল,
এতিয়া
বিকল৷
তেনে
নহ’বলৈ কৰা সকলো ব্যৱস্থা
প্ৰয়োজনীয়
সীমাৰ বাহিৰতে থাকিল৷
মানুহে
পাহৰি যাব পাৰে মানুহ হোৱাৰ অহংকাৰ
মানুহৰ
স্মৃতিভ্ৰম হ’লে ৰৈ যায় সময়,
মানুহে
পাহৰি যাব পাৰে নিত্য-কৰ্মৰ অচিলা
মানুহৰ
অচিনাকি হৈ পৰে চিনাকী শৰীৰ৷
দাপোণত
খুঁটি খুঁটি চোৱা নিজৰ মুখখন
অথবা
বসন্ত কালত ঠন ধৰি উঠা গোপনীয়তাবোৰ
সন্ধিয়াৰ
আন্ধাৰত অচিনাকি হৈ পৰে৷
মনৰ
ঠিকনা বিচাৰি হায়ৈ বিয়ৈ কৰি কৰি
হেৰাই
যায় মন, হেৰাই যায় চেতনা৷
বোধৰ
সিটো পাৰে তেওঁ দেখে কেৱল আন্ধাৰ
তেওঁৰ
বাবে ৰৈ থাকে ভয়াৰ্ত নিশাবোৰ৷
আন্ধাৰ-পোহৰ, দিন-ৰাতিৰ প্ৰভেদ পাহৰি
ইফালৰ
পৰা সিফাললৈ ধপলিয়াই ফুুুুৰে তেওঁ৷
আত্মজৰ
ডেকাতেজৰ দপদপনি
পাহৰি
যায় কোন কাৰ ঔৰসজাত৷
তেওঁ
দেখুৱাইছিল পোহৰৰ বাট
তেওঁ
খলাবমাবোৰ মিহি কৰিছিল৷
তেওঁৰ
ওচৰত আছিল হাজাৰটা কৌতূহলী চকুৰ
জটিল
প্ৰশ্নৰ সহজ সমাধান৷
এতিয়া
তেওঁ এটা উত্তৰ নোলোৱা অংক৷
নিজৰেই
প্ৰস্তাৱিত পৃথিৱীৰ অনাহূত সদস্য৷
জীৱনৰ
বিভীষিকাই মানুহক পীড়াৰ পৰাও
মোকলাই
দিয়ে,
যিদৰে
তেওঁ যাতনাৰ এক অকথ্য পৃষ্ঠাত লেটিপেটি
যিদৰে
তেওঁ এতিয়া এক ভয়ংকৰ গোঁজৰণি৷
তেওঁৰ গাত এতিয়াও চকমাটিৰ গোন্ধ৷
তেওঁ
এতিয়া উশাহ লোৱা জীৱাশ্ম
তেওঁ
এতিয়া উশাহ লোৱা কংকাল৷