যশোৱন্ত নিপুণ
বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে
এটা ঘৰ বিচাৰি লৈছিলা,
ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ
বেৰবোৰত ৰং লগাবলৈ ৷
কিন্তু যিটো ঘৰ তুমি ইমান দিনে বিচাৰি আছিলা
এই ঘৰটো সেইটো নাছিল,
তেনেকৈয়ে, ঘৰটো ৰৈ আছিল যাৰ বাবে
তুমিও তেওঁ নাছিলা ৷
আচলতে তোমালোকে ভাগৰি পৰিছিলা
আৰু নদীৰ সন্ধানত আহি শ্ৰান্তিৰে
পুখুৰী এটাৰ পাৰত পানী বিচাৰি ৰৈ গৈছিলা ৷
আৰু তাৰ পাছৰ কথাবোৰ ৰংহীন আছিল :
দিনৰ শেহত ভাগৰি-জুগৰি তুমি
ঘৰটোলৈকে ঘূৰি আহাঁ,
কেতিয়াবা ক্লান্ত তুমি ঘৰটোৰ বেৰত
আউজি থিয় হৈ ৰোৱাঁ,
ধুমুহা, বতাহ, ৰ’দ-বুৰষণৰ পৰা আঁতৰত
ঘৰটোত তোমালৈ এটুকুৰা ঠাই সদায়ে থাকে ।
ঘৰটো লাহে লাহে বিৱৰ্ণ হৈ আহে
ছটাছটে খহি পৰে ৰং বেৰৰপৰা ৷
সোলোক-ঢোলোক হৈ অহা কব্জাবোৰ
তুমি সলাই দিয়াঁ,
ক্ৰমাৎ ৰংহীন হৈ অহা ঘৰটোত
নতুনকৈ ৰং বুলাই দিয়াঁ ।
কেতিয়াবা দুয়োৰেই থিয় হৈ ৰোৱাৰ
শক্তি আৰু নাথাকে,
তেতিয়া তোমালোকে ইটোৱে সিটোৰ গাত
ভেজা দিয়েই নপৰাকৈ ৰৈ থাকাঁ,
কাৰণ তোমালোকেই তোমালোকৰ অৱলম্বন
আৰু বাকী সকলো আকাশৰ দৰে শূন্য ৷
তথাপি তোমালোকে যেতিয়া শুই পৰাঁ
আজিও কেতিয়াবা গুপুতে গুচি যোৱাঁ
এৰি অহা ঠাইবোৰলৈ
য’ৰ পৰা তোমালোকে এদিন হেঁপাহৰ
এখন আকাশ বিচাৰি ওলাই আহিছিলা ৷
আকৌ সেই আকাশকেই বিচাৰি
নিৰুদ্দেশ হৈ যাব খোজাঁ
সেই আকাশ বিচাৰি
যাক
কেতিয়াও চুই চাব নোৱাৰি নোৱাৰি,
হাতৰ মুঠিলৈ যি কাহানিও নাহে ।
---
ঠিকনা :
বি- ১১৫, শন্বি সঙ্কল্পম্
নাগোণ্ডানাহালি, হোৱাইটফিল্ড্
বাঙ্গালোৰ, কৰ্ণাটক- ৫৬০০৬৭
ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮