লুইতজ্যোতি
যি হাঁহিব নাজানে সি হেনো চয়তান ৷
বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক
ভ্ৰমেৰে আৱৰি
মই জন্ম দিওঁ মোৰ হাঁহিক।
মই হাঁহিব জানো ৷
বেদনাৰ নিমখীয়া পানীত
প্ৰতি উজাগৰী নিশা
মই মিলাওঁ ৰঙা আবিৰ ৷
আৰু দুয়ো ওঁঠত ঘঁহি লৈ
যন্ত্ৰণাৰ সেই তেজৰঙী পানী
মই হহুঁৱাও পৃথিৱীক ৷
মই হহুঁৱাবও জানো ৷
হাঁহি আৰু হহুঁৱাই
হত্যা কৰোঁ মই পৃথিৱীৰ প্ৰতিজন চয়তানক ৷
আৰু ভাগৰি ওভতোঁ
আন্ধাৰ লুঙলুঙীয়া বাটটোৰে
ভগা ঘৰটোলৈ ৷
অনাহাৰে থকা পত্নীৰ হাতত
তুলি দিওঁ
মোৰ আত্মসন্মানৰ অৰ্ধদগ্ধ টুকুৰাবোৰ ৷
তাৰেই জ্বলি উঠে
আমাৰ আখলৰ জুই
আৰু জী উঠোঁ আমি ৷
মই হাঁহিব জানো টুকুৰা-টুকুৰ হৈ,
মই হহুঁৱাব জানো জ্বলি ছাই হৈ ৷
ভ্ৰমৰ এই পৃথিৱীত
মই চয়তান নহওঁ ৷
মই বহুৱা ৷