অন্যযুগ/


পানী

 উৰ্মি জুলী শইকীয়া

 

 

আজিকালি মই দুখৰ

কথাবোৰ পানীকেই কওঁ

কোনোবা ওচৰত থাকিও নাথাকে

শুনিবলৈ কোনো নাথাকিলেও

মোৰ ক'বলগীয়া থাকে

সেইবোৰ মই পানীকেই কওঁ

 

কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত

কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ 

শৈশৱো লুকাই থাকে পানীত

সকলো পাৰ হৈ বহুত দূৰলৈ আহিলোঁ 

 

পানীয়ে জানে মানুহ ভাগে কিমান

সেয়ে আজিকালি মই পানীকেই  কওঁ

দুখৰ কথাবোৰ

 

নদী বিচাৰি যাওঁ

পুখুৰী বিচাৰি যাওঁ

চহৰত তো নাপাওঁ

নদী, পুখুৰী

সেয়ে এবাটি পানীক

দুখৰ কথাবোৰ কওঁ

আৰু চকুপানী টোকোঁ

 

এতিয়া ভগৱানে জানে

মোৰ কথাবোৰ নি পানীয়ে

কাক শুনায়

ইমান দুখ জমা হৈ আছে

পানীয়ে যদি সাগৰত 

মেলি দিয়ে ...!

 

ঠিকনা :

হেঙেৰাবাৰী অৰুনোদই পথ, গুৱাহাটী, অসম

ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯ 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ