জুবিলী গগৈ
মৃত্যুৰ কুঁৱাটোত তেতিয়া
পানী নাছিল
পানী শুহি লোৱা দেহবোৰ
জীৱাশ্ম হৈছিল
ঘেৰি থোৱা আইনাখনত
নিজৰ মুখ দেখিয়েই
উচপ খাই উঠিছিলোঁ আমি
অতল তলিত বাজি আছিল
অন্তহীন হাহাকাৰ
বেহিচাপী মৰণৰ
আৰ্তি শুনি
চেঁচা হৈ পৰিছিল
ইতিহাসৰ পাত
ডায়াৰৰ ভগ্নাৱশেষত
অধিকাৰ আৰু স্বাভিমানৰ গৰ্ব লৈ
তেতিয়াও উৰি আছিল
স্বাধীনতাৰ নিচান
জালিয়ানৱালাবাগ
পৃথিৱীৰ এটা
কৰুণতম সঙ্গীত...