যশোৱন্ত নিপুণ
যদি জীৱন ইমানেই শুদ্ধ আছিল
মৃত্যুৰ জানো প্ৰয়োজন আছিল ?
আমি কোৱা কথাবোৰ
তুমি শুনিবই লাগিব - তেনে একো নাছিল,
কাহিনীবোৰ যি এখন
মহাকাব্য হ’ব বুলি অনুভৱ হয় -
সেইবোৰ এটা মাত্ৰ বাক্যৰ মাজত
নীৰৱে শুই পৰিব পাৰে
যাৰ এটি এটি শব্দ বতাহে মচি লৈ
যায় ।
একেলগে গৈয়েই থকাৰ চৰ্ত নাছিল,
আৰু বোধহয় বিদায়ৰো এটা সৌন্দৰ্য আছিল ৷
আমাৰ কাহিনীবোৰৰ কোনো অৰ্থ নাছিল,
তুমি যে গুচি গ’লা
তোমাৰ আচলতে হেৰুৱাবলৈ একোৱেই নাছিল ।
যদি জীৱন ইমান শুদ্ধই আছিল
মৃত্যুৰেই বাৰু কি প্ৰয়োজন আছিল ?
***
ঠিকনা :
বাঙ্গালোৰ
ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮