জ্যোতিনীলিমা গগৈ
সুদীৰ্ঘ দিন মোৰ অহা যোৱা
আন্ধাৰ বাটেৰে
কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া
কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন
কেতিয়াবা অৱচেতনাত পাৰাপাৰহীন
ৰঙা মেঘৰ আলোড়ন
ভাৱনাৰ পৰা নিৰ্ভাৱনালৈ ইমান যে দূৰত্ব
শিলাময় বাটৰ কাষত জাৰে জহে
ফুলি থাকে বহুবৰ্ণী ফুল
নিৰ্জনতাক জোকাই জোকাই যেন
নিজেই নিথৰ শীতৰ নিয়ৰ
কি যে বৈপৰীত্য
জোনাকীবোৰ শুই পৰাৰ পৰত
মই সাৰ পাওঁ
ঘনঘোৰ আন্ধাৰৰ মাজে মাজে
উমানতে গৈ পাওঁ
সহস্ৰ লহমাৰ সিপাৰ
চেঁচা বতাহৰ ধাৰত শুনো
অনেক অব্যৰ্থ মৃত্যু-গাথা
মাটিয়ে কুটি খায় পাৰ্থিৱ
পৃথিৱীৰ ভৱিষ্যত কঢ়িয়াই জীৱনে য’ত থিত লয়
গৈ থাকিব সেই
জোঁৰধাৰী সময়...