কাব্যশ্ৰী মহন্ত
আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ
এজনৰ সেমেকা কলিজাটো আনজনে চুই চাওঁ
বুকুৰ ভিতৰলৈকে টানি লওঁ শুকাই যোৱা চকুপানীৰ গোন্ধ
আহাচোন কিছুদূৰ একেলগে খোজ কাঢ়োঁ
যাওঁতে বাটত শুনি যাওঁ হিয়াৰ মালিতা
বেহানি সামৰি থৈ কিছুপৰ বহোঁ একেলগে
কান্ধ সলালেই দেখিম এজনে আনজনৰ
কান্ধৰ কলা পৰা দাগবোৰ,
একেলগে যোৱাৰ পৰতে নোসোধাকৈয়ে ওলাই আহিব কলিজাৰ বিষবোৰ৷
কত থওঁ কত থওঁ লগা বেথাবোৰ একেলগে বহিলেই
হুমুনিয়াহ হৈ সৰি পৰিব৷
সেয়ে কান্ধ সলাই লওঁ দুখৰ বোজাবোৰ
একেলগে খোজ কাঢ়িলেই শুনিবলৈ পাম হিয়াৰ মালিতা৷