অন্যযুগ/


খাকীবোৰ

 ধ্ৰুৱজ্যোতি দাস

 

এইযে কিছুমান

খাকীৰ তলত থকা জীৱ

কিনো বনৰীয়া পাই !

ধেৎ, বনৰীয়া বুলিব নোৱাৰিচোন

বনৰীয়া বুলিলে কপৌফুলবোৰলৈহে

মনত পৰে৷

কপৌফুল বা নাগচম্পা নহয়৷ খাকী পোচাক৷

কিছুমান খাকী পোচাক৷

খাকীৰ তলত বাঢ়ে দাঁত  :   মূলাহেন...

খাকীৰ তলত বাঢ়ে নখ  :    কুলাহেন...

 

ৰাতিতো কথাই নাই

দিনতো এন্ধাৰ আনিব পাৰে খাকীয়ে

বাটত৷ পথৰ কাষৰ নিমাখিত পাচলি বেপাৰীৰ

পাচলিবোৰ গচকি তচ্‌নচ্‌ কৰিব পাৰে৷

অপাৰ শক্তি৷ অপাৰ ক্ষমতা৷

পেটৰ জুই নুমুৱাবলৈ লক্‌ডাউনত চুপেচাপে

বিকিবলৈ অনা মাছ এটা কাঢ়ি নিব পাৰে

খাকীয়ে আৰু ঘৰত দকচি খাব পাৰে৷

মাছুৱৈৰ জুহালৰ পানীত বহাবলৈ

এটাও চাউল নাই সেইদিনা

সেইকথাও জানে খাকীয়ে৷

 

নিছলা পথচাৰীক

বিয়াগোম কোনোবাৰ গাড়ীয়ে মহতিয়াই যোৱা

খাকীয়ে নেদেখাকৈ থাকিব জানে৷

নেতা-মন্ত্ৰীৰ কনভয়ৰ বাবে ছিৰিয়াছ ৰোগীৰ

এম্বুলেঞ্চক নিৰ্দয়ভাৱে ৰখাই থ’ব জানে খাকীয়ে৷

 

দাৰিদ্ৰ আৰু মাতৃক

সকাহ দিবলৈকে কিবা এটা কৰি ডেলিভাৰী বয়

হোৱা ছাত্ৰক প্ৰহাৰ কৰিব পাৰে খাকীয়ে৷

অপাৰ শক্তি৷ অপাৰ ক্ষমতা৷

 

দেশৰ দাৰিদ্ৰ নেদেখাকৈ থাকিব জানে খাকীয়ে৷

দেশৰ দাৰিদ্ৰলৈ নোচোৱাকৈ থাকিব জানে খাকীয়ে৷

আক-তাক চিকুতি চৰতীয়া গোটাই গোটাই

চৰতীয়াৰ বাবে মোনা৷ জেপৰ মোনা৷

চৰতীয়া সোমাব পৰা হাতৰ লাঠীত গোপন ফুটা৷

 

এই বাটৰ বাবে বীৰ সাজে খাকী৷

খাকী পোছাক৷ কিছুমান খাকী পোছাক৷

খাকীৰ তলত বাঢ়ে দাঁত  :   মূলাহেন...

খাকীৰ তলত বাঢ়ে নখ  :    কুলাহেন...

 

উপসংহাৰ :

আপোন ভূমিৰ সীমাত যেতিয়া বাহিৰৰ বেদখল

বহু ভিতৰলৈকে বেদখল :

তেতিয়া বিয়াগোম দাঁতবোৰ বিয়াগোম নখবোৰ

নোহোৱা হয় আৰু

নেজ গজে৷ নেজ পেলাই তেতিয়া

খাকীবোৰ দৌৰে...

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ