অন্যযুগ/


মানুহবোৰ আছেনে ঘৰত

 মানস প্ৰতিম দত্ত

 

মেঘৰ চুলিৰ মাজেৰে সৰকি অহা

এজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙি

চৰাইবোৰ গুচি গৈছে

জন্তুবোৰ গুচি গৈছে

 

হাতী-মাটি-কেতেকী

নাহৰ-সোণাৰু-পলাশৰ সৈতে

বসন্তৰ উভালিছে শিপা…

 

বৰষুণত তিতি তিতি

মানুহবোৰে কান্দিছে

 

চকুপানী বিচাৰি হাবাথুৰি খায়

শুকান বতাহৰ ৰণি খহায়

মানুহবোৰো হেৰাইছে

 

মানুহবোৰ আছেনে ঘৰত?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ