ধন দাস
কবিতা এটা লিখাৰ অন্তত্
মই ভীষণ অসুখী
লাজত ৰঙা-ছিঙা পৰি কবিতাটোক কাটি-কুটি
কাৰণ বিচাৰি ফুৰোঁ ।
হস্তমৈথুনৰ পাছত বিজলুৱা অলপ যেনেকৈ
ছিটিকি পৰে সুখৰ সপোনত
সমস্ত কৰ-কাটল দি উদৰ পুৰোৱাৰ শেষত
মলত্যাগৰ যি সুখ ।
ঠিক তেনে এটা কাৰণ লাগে
কবিতা এটা লিখাৰ পাছত
নিজক মৃত বুলি ঘোষণা কৰাৰ ইচ্ছা জাগি উঠে
গণতন্ত্ৰৰ ছিগা আঙুলিত ধৰি পৰুৱা আহিব ম'টিভেশ্যনেল ভাষণ দিব
উদাহৰণত থাকিম আমি !
ভাবগধুৰ কথাটো হ'ল
এপাচি শাকত এটা জালুকৰ দৰেই
ভাল নে বেয়াৰ সংজ্ঞা নিৰ্ধাৰিত নহয়
বেয়া হ'লেও এটা কাৰণ লাগে !
কবিতা এটা লিখাৰ অন্তত
মই বিক্ৰী কৰোঁ নিজকে টুকুৰা টুকুৰকৈ
বিভাজিত মানচিত্ৰ এখনৰ কোনখিনিত অৱস্থান কৰিছোঁ ভাবি ভাবি ক'ব নোৱৰাকৈয়ে
নাকৰ খেকেৰু অকণ আঙুলিৰে মোহাৰি গোল কৰি
দলিয়াই দিলোঁ ।
নিজকে প্ৰবোধ দিলোঁ পৃথিৱীখনো গোল ঠিক মগজুটোৰ দৰেই ।
এতিয়া মই শব্দ ক'ব পৰা এটা অত্যাধুনিক মেচিন ।