অন্যযুগ/


আঙঠি

কিশোৰ বড়ো


 
খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে
আঙুলিত সোমাই আহিল এটা আঙঠি
 
কি আচৰিত আঙঠিৰ আকাশ
আকাশখন আহি কপালত মেলিলে তাৰ মায়া
ফুলি উঠিল জেঠীৰ মাত-ফুল
(আঙঠিৰ আকাশ থাকেনে - এইবুলি বেলিয়ে সুধিলে
যদি থাকেও - না ইটো পাৰ, না সিটো পাৰ
আকাশৰ মহিমা অপাৰ)

আঙঠিত ধৰি উঠি আহে সাতেজনী সাতালি পৰ্বত
লগত আনে এচালি নাহৰ গছৰ পাত
 
বালিচৰত আঙঠিটোৰ বাখৰ গলি বাখৰুৱা মাটি
মুগাৰঙী গছ এজোপাত ফুটুকী পখিলা
গোটেইখন মৃগপহু চৰি ফুৰা হীৰা খচিত পাহাৰ
ডাউক দুপৰীয়া
 
প্রেয়সী পৰ্বতাৰোহীয়ে বিচাৰি আহিল এটা প্রণয় আঙঠি
প্রেমিকৰ হাতেৰে পিন্ধিবলৈ তৰাপতোৱা জেঠীনেজীয়া
ইয়াতেই আছে যেন বিচাৰি থকা জলত সেই স্থল
ইয়াতেই পাব যেন সেই স্থলত আকণ্ঠ জল

আঙঠি চিলনীয়ে থপিয়াই আনি দিলে সৰগৰ বেলিফুল
আঙঠি নাৱে পাৰ কৰি নিলে পানী দুপৰীয়াৰ নৈ
আঙঠি যানে ভ্রমণলৈ নি দেখুৱালে পানীৰ পদ্ম পদ্য

ঘূৰি আহিবলৈ নৌপাওঁতেই আঙঠিটো হেৰাল
আৰু হেৰোৱা সময়খিনিৰ নাম থলে ভাগ্যৰ ভটিয়নী
নে স্বপ্ন-দুঃস্বপ্ন এৰি সম্বিত সময়
 
আঙঠিটোৰ হেৰোৱা আকাশে গিলি থলে নিজক নিয়া বাট
নিজান অথবা কোলাহল
 
তাৰ পাছত
দুপৰ ৰাতি এটাই বিনাই থাকিল মোৰ ভিতৰত
কাতিমহীয়া পথাৰ এখন আনি
বলিয়া বতাহে শুৱাই দিলে মোৰ অনন্ত অন্তৰত
আৰু সৰুৰ পৰা সৰু হৈ নুশুনা সেই জিৰিক্ মাত

আঙঠি পিন্ধা আঙুলিৰ সৈতে হেৰাই থাকিল সেই হাত
আৰু হেৰাই থাকিল হাতখনৰ গৰাকী

নেদেখা দুৰণিত শিঙাপেঁপাৰ মাত শুনিছোঁ
আৰু মই বহাগ বুলি মানি লব পৰা নাই
সেয়ে মোৰ ভিতৰত ৰেল অহা-যোৱা এটা বাট
আৰু বুকুত ধান বনা এটা কল

খটখটীয়েদি নামি আহি শিলৰ মূৰ্তিটোৱে কৈ থাকিল ওৰেটো বাট
আঙঠিৰ একো দোষ নাই
দোষ সেই আঙুলিৰ আৰু হাতখনৰ
আৰু হাতখনৰ গৰাকীৰ

মোৰ কলিজাক টিলিঙা সাজি
পূজাৰীবোৰে হয়ভৰ দি তুলিলে কৃত্ৰিম শব্দ
লানি নিছিগা দৰ্শনাৰ্থীৰ মুখত অবোধ মন্ত্ৰ।

 

ভ্রাম্যভাষ : ৯১০১৮৭৫৯১৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ