অৰ্চনা পূজাৰী
লখিমী চপোৱাৰ পাছত বাগৰি পৰা নৰানিৰ ওপৰেৰে
হুঁচ হেৰুৱাই পাৰ হৈ গ’ল
সেইজনী কোন
আন কোনো নহয়
পাখি গজা বৰদৈচিলা
ফাগুনে, নে চ’তে সাঁচি থ’লে
তাইৰ কঁকালা হাঁচতিখন
***
তাইকতো ধৰি ৰখা মস্কিল
বাউলি চিখলা হৈ আকৌ উৰিলে
***
তাইৰ গৃহস্থও নহয় কম
সাতজনী নিগনি খীৰাই খোৱা
ভেম -ভৰকত ওফন্দি ফুৰা
খাট-পাম নোহোৱা ডাঙৰীয়া
উচন যোৱা ভেটিত বহিও
মোচত তাও দি থাকে
নাও বুৰিলেও সি নানামে টিঙৰ পৰা
***
একেজনী আই
ঘৰখন ধৰিবলৈ
কৰিবৰ শেষ নাই
ভু নোপোৱা ভাৰস্ত
আঙুলিৰ মূৰত লেখে
পেটৰ জুই মাৰিবলে’
পাতাল খান্দি ফুৰে
***
চলি-পলিক চায় কোনে
গেমেহা ভুকু আৰু ঔ-কিলত আটাহ পাৰি মৰে সিহঁতবোৰে
আয়ে ঘৰ-চোতাল-পথাৰ কৰি
তাতঁবাতি কাঢ়ি ঢপলিয়াই ফুৰে
এফালে জুৰিলে আনফালে ছিঙে
টেকেলিৰ ফুটাবোৰ বাঢ়িয়েই থাকে
***
পিতাইৰ মুৰত বহগুৱা পোকটো
মাহচেৰেকৰ আগতেই লম্ভে
দায়-দায়িত্ব কাটি কৰি
টনটনীয়া বিহুৱাটো হয়
ঢোলৰ বৰটি টানি
বতাহ ফালি থাকে সাতখন গাঁৱৰ
ঘেন খিতা, খিত ঘেন খিতা
খিত ঘেন, খিতা খিতিং দাও
ঘেন খিতা খিত খিত খিত ঘেন-
***
টিপচাকিত তেল শেষ হৈ আহে