মিণ্টুল হাজৰিকা
খেজুৰ এটাৰ পৰা ওপজি
যি বাটেৰে বুলিছিল বাট
বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল
এচলুকৈ সুগন্ধি গোলাপ
তেওঁৰ আত্মাৰ গহনত গঢ়ি উঠা
ৰংমহলৰ খিৰিকীয়েদি সোমাই অহা পোহৰে
মেঘৰ চোকোৰা খুটিয়াই ওলাই অহা জোনক
কাগজৰ নাও সাজি উটুৱাই দিছিল
পানীৰ সেওঁতাত
নাওখনৰ সৈতে উটি আহি
যি উপত্যকাৰ ঘাটত চাপিছিল
সেই ঘাট
তেওঁৰ শ্ৰীহৰি বসতি
ইয়াতে মানুহে চকুত পোহে বেলি আৰু জোন
মুখ পখালে য’ত
সেই পানী যুঁৱলিত
ফুটুকী হৰিণীৰ ৰূপৰ জেউতি
সেয়েহে —
পাহৰি গৈছে বেলি ডুবা বুৰঞ্জীৰ ইতিকথা
বুকুয়ে-পিঠিয়ে সৎকাৰ কৰিছে
সেই বুৰঞ্জীৰ প্ৰতিটো পৃষ্ঠা
সখীয়তী ওঁঠত
মোহন বাঁহীৰ মৌ-বৰষা সুৰ লৈ
দুবেলা বিশ্বাসৰ উশাহত
লালন কৰিছে শিলৰ পৰা অনূদিত
সোণাৰু নক্সাৰ আকাশ
সেই মন্ত্ৰধ্বনিয়েই
শৰীৰত প্ৰশান্তিৰ শাখা-প্ৰশাখা
সকলো উৎসৱৰেই এদিন সামৰণি পৰে
তেয়োঁ এদিন সামৰিছিল
অৱচেতন পুখুৰীত যোৰ পাতি চৰা ৰাজহাঁহৰ সপোন
বগাবলৈ সজোৱা পৰম্পৰাৰ জখলাত
শেলুৱৈ বিলাস
অথচ প্ৰেম-বিলাসহীন হৈছিল
তেওঁৰ বুকুৰ পঁজা
বটলৰ পৃথিৱীত ডুখৰীয়া কলিজা তিয়াওঁতে
এদিন কৈছিল—
প্ৰেমিক হ’ব নোৱাৰাতো আছিল তেওঁৰ
ঋতুৰ মন বুজি নোপোৱা
বিশ্বাস কৰক
তেওঁক ভয়ৰ সিংহই খেদিছিল
যেতিয়া বুকুৰ ধপধপনিটো বহাগৰ বৰষুণত তিতি
আগলৈ বঢ়াই দিছিল জীৱনৰ আয়ুস খোজ
অথচ একঁকাল ননচাকৈয়ে গ’লগৈ
চোলাৰ জেপত লৈ এটা কেঁচা আবেলি
বহুৰৈখিক সুগন্ধি পোহৰ হৈ
বগলীৰ গানটোৰ সৈতে পৱিত্ৰ নৈখনৰ পাৰত
বেদুইন সখী এতিয়া স্মৃতিৰ বগা ফোঁট
***
ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩