ড০ ৰমেশ চন্দ্ৰ গোস্বামী
হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয়
সপোনটোৱে৷
ময়ূৰপংখীৰ টিঙত বহি
নৈৰ বুকুৰে উজাই কেনি উটি যায়
(লংকাৰ বণিজ বিচাৰি!)
উদ্দাম বতাহৰ আঁচোৰত
ছিৰাছিৰ হয় তাৰ মসৃণ কলিজা
মুনিচুনি পৰতো সি
ঈপ্সিতৰ নাপালে সন্ধান৷
হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয়
সপোনটোৱে৷
বাটকুৰি বোৱাৰ পাছতো
সীমনা নমনা বাট-
সুবিস্তীৰ্ণ উপত্যকাৰ কেতকুৰি পথত
ঘনকৈ কুঁৱলীৰ আস্তৰণ ঠেলি
বাৰে বাৰে সিচোন উজুটিকে খায়!
হ’লেও
দিগবলয়ৰ গোপন এচুকত
সপোনটোৰ আছে
সোণালী এটি বাহ
জানোচা এদিন তাত উঠেই ফুলি
হেঁপাহৰ গোলাপ এপাহ!