উদয় কুমাৰ বৰুৱা
ৰাতিৰ নীৰৱতা ভেদি
কোমল বতাহত ভাহি আহিছিল
সুৰৰ গৈৰিক ভৈৰৱ
সপ্তস্বৰত মেৰখাই পৰিছিলো
অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল
কি এক সোণালী জ্বালা
ৰাগৰ ছন্দে-ছন্দে এই আৰোহন এই অৱৰোহন
যেন গৈ আছো ল'ৰালিৰ ধুলিময়
প্ৰাচীন গো-বাটটোৰে
হিম হোৱা হাড়ৰ মজ্জাত
পমি গৈছিল সময়ৰ সমস্ত অস্থিৰতা
দূৰত
তোমাৰ মৌনতাৰ সিপাৰে
ৰূপালী নদীত সুৰবোৰ জোনাক হৈ সৰিছিল
জিৰ্ জিৰ্
জিৰ্ জিৰ্
(এদিন দীপক শৰ্মাৰ বাঁহীবাদন শুনি)