অন্যযুগ/


সূত্ৰ

ৰাজীৱ বৰা

 

সন্তুষ্টি এতিয়া বৰষুণৰ পানী?

সুখৰ সংজ্ঞা সলাব পৰাকৈ আমি জ্ঞানী৷

 

চোৱাঁ, কিমান সহজ প্ৰেম-অপ্ৰেম ভালপোৱা সহবাস৷

ঢাকনি নাই, বান্ধনি নাই, প্ৰকৃতিৰ দান যৌন উন্মাদনা

সহজ পাপ ঘৃণা জিঘাংসা...

 

ভাল পাবলৈ সহজ বতাৰ্ই ৰখা টান৷ সংসাৰ কৰিবলৈ ভাল৷

ধৰি ৰখা আহুকাল৷ তথাপি সূত্ৰ লৈ সুখী৷

 

২২ বছৰত ডিগ্ৰী৷ ২৩-অত চাকৰি৷ ২৫-অত বিয়া৷ ৩০-অত ঘৰ৷

তাৰ মাজতে গাড়ী বাৰী বেঙ্ক বেলেঞ্চ আৰু বহু কিবা৷

 

সন্তান উৎপাদন দুৰ্ঘটনা নহয়৷ দিন-বাৰ চোৱাঁ

কোন তাৰিখে জন্মিছিল সফল মানুহবোৰ

গম-গতি লোৱা৷ মানুহেৰে মিলক বা নিমিলক

শ্ৰুতিমধুৰ অথচ আজৱ নাম এটা দিয়াঁ৷

 

গঢ়ি লোৱাঁ ৰইনা৷ চপোৱাঁ৷ মাথোঁ চপোৱাঁ৷

সমৃদ্ধি আৰু সম্পদতে বাচি থাকে নাতি-পুতি৷

সিহঁতৰো নাতি-পুতিৰ ভাৰখন লোৱাঁ৷

 

পাহৰি যোৱা সাত ফুটৰ কফিন, ছফুটৰ চিতা

আৰু আঠ ফুটৰ সমাধি৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ