অন্যযুগ/


জোন

হিল্লোলজ্যোতি সিংহ


নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে

এঢোক গধূলি গিলি

হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক

আৰু মই হৈ পৰিছিলোঁ

কণা কলা বোবা কোঙা ক্লীৱ

ক্ষোভ আৰু দুখৰ এলান্ধু জালত ওলমি থাকিলোঁ

এযুগৰো ওপৰকাল…

 

এদিন ইকৰাৰ বেৰৰ জলঙাৰে

সোমাই অহা জোনে

জোকাৰি দিলে মগজৰ স্নায়ুৰ স্পন্দন

আৰু মই হৈ পৰিলোঁ

কণা কলা বোবা কোঙা জীৱ

এতিয়া মোৰ দুচকুত জীপাল জোনাক

জোনৰ বাহিৰে একো নেদেখোঁ

এতিয়া মোৰ কাণত বাজি থাকে কেৱল

জোনৰ মৰমিয়াল মাত বাকী একো নুশুনো

জোনে আহি কাষত বহিলেই

ইথাৰত কঁপি উঠে ওঁঠ ভাষা হেৰায়

জোনে পাৰি দিয়া বিছনাত সাৰে শুই থাকোঁ

বাগৰ নসলোৱাকৈ

 

 

ঠিকনাঃ

Prof. Hilloljyoti Singha

Department of Zoology

Bodoland University

PO Rangalikkhata (Debargaon)

KOKRAJHAR 783370

BTR, Assam

Email: singha.hilloljyoti@gmail.com

Phone: 9435120076, 9101165234

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ