অন্যযুগ/


ফাগুনক বাগি দি

 নিৰু দত্ত

 

ফাগুনক বাগি দি যাব নোৱাৰি পথাৰৰ আলিয়েদি

ইমান টনা-টনি ৰেহা নালাগে  আলসুৱা ৰিহা 

শুকান ওঁঠেদি সৰৱ সুহুৰি পিচলি

মোকেই জোকায় ।

 

ইমান ৰঙাকৈ ফুলিছে মদাৰৰ ফুল !

ঘোলা আকাশলৈ মেলি দি  জুই আঙুলি

পলাশে নাচিছে লৃগাঙৰ পথাৰত

এবাটি বৰষুণৰ পানীৰে নিদাঘৰ দহন

শাঁত পেলাই পৰি ৰোৱা শিমলু ফুল

দেও দি কেনেকৈ পাৰ হওঁ !

খৰমৰ সৰাপাতৰ দলিচা গচকি

ওলাম গৈ নেকি এখন প্ৰাচীন নগৰী !

মাত এটাই টানি নিয়া বাটৰ মূৰত

চিফুং বাজিছে

ৰিঙা মন শিঙা পেঁপাৰ মাতত উচাটন ।

 

অদূৰত কেলৈ যুদ্ধৰ দামামা !

একোপাহ জুই ফুলে  কুকুহা উৰাইছে 

উত্তৰ  আধুনিক সভ্যতাৰ 

বহুতলাৰ চহৰ চকত ফাগুন ৰৈ নাথাকে

আঁতৰালৈ নিষেধাজ্ঞাৰ ফলক 

ফাগুনক বাগি দি মাতাল দুঃস্থ সময় ।

 

ঠিকনা :

সৰুপথাৰ - ৭৮৫৬০১, গোলাঘাট,

ভ্ৰাম্যভাষ : ৭০০২২৪১১৪৫

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ