অৰ্চনা ঠাকুৰীয়া
ঘৰগোনা
কথাবোৰ অঘৰী হোৱাৰ বেদনাত
খোজবোৰ
থৰক-বৰক
সম্পৰ্কৰ
ভাৰখন গধুৰ
তাতোকৈ
গধুৰ মন
এইবাৰ
আহিলে তুলাচনী লৈ আহিবা
জুখি
চাম বিৱেকৰ ওজন
টোৰটোৰাই থকা প্ৰতিটো ৰাতিয়েই নিজম
প্ৰতিটো
ৰাতিয়েই যি কয়
সেয়া
উশাহঘন নহয়
সুখৰ
নে দুখৰ
ৰাতি
দুপৰত বাজি উঠা
গৰখী়য়াৰ
উপবাসী বাঁহী
আঃ হাত মেলিয়েই চুব পাৰি দেখোন
সেই
সুৰ,
সেই
আশা
বোধগম্য
হওক বা নহওক
কোঠাটোত
থকা প্ৰতিটো জ্যামিতিক অৱয়বে
সোঁৱৰাই
দিয়ে
শৰীৰত
ধূলি-মাকতি লৈও
নিজৰ
ঠাইত থিয় হৈ থকাৰ কৌশল
সিন্ধুত
বিন্দু বিচাৰি অপচয় হোৱা সময়তকৈ
সময়ৰ
আৱাহনী মুদ্ৰাৰ