দীপিকা শইকীয়া
মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ
মাতষাৰেই পুহিছে জীৱন
মাতৰ চুমাই জুৰিছে হিয়া
হাবিৰ জোপোহা বিজুলী বাঁহজোপাত
সোমাই থাকে হঁয়কলি ইনাই-বিনাই
কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা
পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে
আহিছে নৈখন বৈ
অটল চেতনাৰ সোঁৱৰণী লৈ
মাটিৰ মাতেৰে জিনে নৈৰ বোৱন
বিপুল উৎসাহেৰে ভৰা মাটিৰ হিয়া
জাৰ-জহ, শস্য-মৎস্য, আকাশ-বতাহৰ
শৰীৰ জুৰি কেৱল মাটিৰ মাত